অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ কামাখ্যা শইকীয়াই

0

আই চি চি টি-২০ বিশ্বকাপ ক্ৰিকেটৰ পিছত বুধবাৰৰ পৰা ভাৰত আৰু নিউজিলেন্ডৰ মাজত আৰম্ভ হ’ব ঘৰুৱা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ শৃংখলাৰ প্ৰথমখন খেল। বুধবাৰৰ জয়পুৰৰ খেলৰ পিছত ১৯ নৱেম্বৰৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল ঝাৰখণ্ডত আৰু তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় খেল কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

পৰৱৰ্তী সময়ত কানপুৰ আৰু মুম্বাইত ভাৰত আৰু নিউজিলেন্ড দলে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেটছত অংশগ্ৰহণ কৰিব। দুয়োখন দেশৰ এই গুৰুত্বপূৰ্ণ খেলৰ সময়তে অসমলৈ ভাল খবৰ।

ভাৰত বনাম নিউজিলেন্ডৰ মাজৰ ঝাৰখণ্ডৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ কামাখ্যা শইকীয়াই।বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা প্ৰাক্তন ক্ৰিকেটাৰ কামাখ্যা শইকীয়া হ’ল অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক। কামাখ্যা শইকীয়াই আন্তঃৰাষ্ট্ৰীয় খেলৰ সন্মানীয় দায়িত্ব পোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছে অসমৰ ক্ৰীড়া প্ৰেমীৰ লগতে অসম ক্ৰিকেটৰ এপেক্স কাউন্সিলৰ সদস্যসকলে।

Leave A Reply

Your email address will not be published.