অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

ফুটবলৰ মহাতাৰকা মাৰাডোনাৰ ঘড়ী চুৰ কৰি আনিলে অসমৰ গভাইত চোৰে

0

এটা ঘড়ী। ঘড়ীটো আছিল ফুটবলৰ মহাতাৰকা Diego মাৰাডোনাৰ স্বাক্ষৰ। সেই ঘড়ীটোৱে চুৰ কৰিলে অসমৰ এজন যুৱকে। কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো চোৰ কৰি আনি পালেহি শিৱসাগৰ। হাহাঁকাৰ লাগিল ডুবাই আৰক্ষীৰ। যোগাযোগ কৰা হৈছিল অসম আৰক্ষীলৈ।

ডুবাই আৰক্ষী, কেন্দ্ৰীয় অনুসন্ধানকাৰীৰ সহযোগত অসম আৰক্ষীয়ে চলালে অভিযান। শনিবাৰে পুৱা শিৱসাগৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা ৱাজিদ হুচেইন নামৰ চোৰটোক। এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে টুইটাৰত উল্লেখ কৰিলে যে, অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত মাৰাডোনাৰ এই ঘড়ীটো আৰু চোৰটোক কেনেদৰে গ্ৰেপ্তাৰ কৰিলে। জানিব পৰা মতে, হাবলট এডিশ্যনৰ এই মৃল্যৱান ঘড়ীটোৰ ওপৰত আছিল মাৰাডোনাৰ স্বাক্ষৰ। শিৱসাগৰৰ পৰা গৈ ডুবাইত সেই কোম্পানীটোত কাম কৰিছিল ৱাজিদ হুচেইনে। তেতিয়াই ঘড়ীটো চোৰ কৰি আগষ্টত ঘূৰি আহিছিল অসমলৈ। শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে জানিবলৈ দিয়া মতে, এই চোৰটোৰ সন্দৰ্ভত সকলো তথ্য সংগ্ৰহ কৰি পুৱতি নিশা চলাইছিল অভিযান। শহুয়েকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.