অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
न्यूजीलैंड क्रिकेट टीम पाकिस्तान दौरे को बीच में ही रोककर स्वदेश लौटेगी-ডিব্রুগড়ে পোষন মাসের সচেতনতা মিছিলের শুভারম্ভ-ডিব্রুগড়ে পোষন মাসের সচেতনতা মিছিলের শুভারম্ভ-AMCH में युवराज सिंह फाउंडेशन के 50 ICU BED का विमोचन किया गया-AMCH में युवराज सिंह फाउंडेशन के 50 ICU BED का विमोचन किया गया-ঢকুৱাখনাৰ বাসুদেৱথানত ২০০ বছৰীয়া পৰম্পৰাৰে পাচতি উৎসৱ পালন-आज पीएम मोदी के 71वें जन्मदिन पर रिकॉर्ड वैक्सीनेशन का लक्ष्य रखा गया है-এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ৰো অধিক ডলফিনে-स्‍वास्‍थ्‍य मंत्रालय को फेस्टिव सीजन के बाद कोरोना के मामले बढ़ने की चिंता सता रही है-ভাৰতীয় ষ্টেট বেংকত যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে

নাট্যকাৰ সেৱাব্ৰত বৰুৱাক অন্তিম শ্ৰদ্ধাঞ্জলি গুনমুগ্ধৰ

0

ডিজিটেল ডেস্ক, অসম দৰ্শন : অসমীয়া নাট্যজগতৰ উজ্জ্বল নক্ষত্ৰ সেৱাব্ৰত বৰুৱাৰ দেওবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটাত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰে। দেওবাৰে পুৱা পাচঁ বাজি ত্ৰিশ মিনিটত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অভিনেতা সেৱাব্ৰত বৰুৱাই ৷ বিহপুৰীয়াৰ নিৰ্মাতা মুক্তিযুজাৰু প্ৰয়াত যোগেশ্বৰ বৰুৱাৰ বৰপুত্ৰ তথা বিহপুৰীয়াবাসীৰ অতি মৰমৰ মিলু দাৰ বিয়োগত শোকত ম্ৰীয়মান হৈ পৰিছে সমগ্ৰ বিহপুৰীয়াবাসী ৷ তেওঁৰ নশ্বৰদেহ সন্ধিয়া বিহপুৰীয়াত উপস্থিত হোৱাৰ পিছত বিহপুৰীয়াৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে লখিমপুৰ জিলা অগনন গুনমুদ্বই তেওঁক শেষ শ্ৰদ্ধাৰ বিদায় জনায় ৷ ভ্ৰাম্যমাণ নাট্য জগতত বালিঘৰ দখল, নাস্তিক, বলাৎকাৰ, পিঞ্জৰা, শৈশৱতে ধেমালিতে, মমতাৰ ছিঠি, লটকনৰ লটিঘটি, ৰং কিনিবা কোনে, দাদা, দখল-২, কিয় এনে হ’ল, দাবানল, বন্দী, মৰম যাচিব কোনে আদি নাটকৰ জড়িয়তে নিজৰ খ্যাতি ৰাখিবলৈ সক্ষম হোৱা সেৱাব্ৰত বৰুৱাৰ বিয়োগে অপুৰণীয় ক্ষতি কৰিলে ভ্ৰাম্যমাণ নাট্য জগতৰ ৷

Leave A Reply

Your email address will not be published.