অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ

0

নিৰ্বাচন আহিলেই বিতৰ্কিত কথা বতৰাৰে কংগ্ৰেছ দলৰ ভাবমূৰ্তি বিনষ্ট কৰা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়িনী দলে। আজি নিশা সভাপতি ভূপেন বৰাৰ লগতে তিনিওগৰাকী কাৰ্যকৰী সভাপতিয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ৷ আৰু শ্বেৰমানৰ সন্দৰ্ভতে বিধায়িনী দলে লয় এই সিদ্ধান্ত ৷ বৈঠকত উপস্থিত আছিল APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল ৷

বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক’লে- ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আজি আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰো ৷ এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছো ৷ এই হিচাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল’ব ৷’

বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে, ‘ACLPৰ প্ৰস্তাৱ আমি পাইছো। আজি আমি নিশা তিনিজন APCCৰ কাৰ্যকৰী সভাপতি আৰু দুজন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত মিলিত হম ৷ এই আলোচনাতে সিদ্ধান্ত লম শ্বেৰমান আলীৰ সন্দৰ্ভত ৷ দলীয় সংবিধান মতে ব্যৱস্থা লম ৷ শ্বেৰমান আলী আহমেদক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল ৷ আজি উত্তৰ দিয়াৰ শেষ দিন ৷ উত্তৰ নাপালে আমি ব্যৱস্থা লম ৷’

Leave A Reply

Your email address will not be published.