অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

কিছুদিনধৰি সন্ধানহীন হৈ আছে চীনৰ টেনিছ খেলুৱৈ পেং চুৱাই (Peng Shuai Missing)

টেনিছ জগতত খলকনি তুলিছে শেহতীয়া এটি খবৰে। কিছুদিনধৰি সন্ধানহীন হৈ আছে চীনৰ টেনিছ খেলুৱৈ পেং চুৱাই (Peng Shuai Missing)। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা (Sania Mirza)ৰ ডাবলছ পাৰ্টনাৰ আছিল পেং চুৱাই। আমেৰিকাৰ প্ৰাক্তন তাৰকা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছে (Serena Williams) টুইটাৰযোগে এই কথা ৰাজহুৱা কৰাৰ পিছৰে পৰা বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে।

উল্লেখ্য যে চীনৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী (Ex Deputy Prime Minister of China) ঝাং গাওলিৰ বিৰুদ্ধে দুসপ্তাহ পূৰ্বে যৌন নিৰ্যাতন (Sexual Harrasmen)ৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছৰে পৰা নিখোজ হৈ আছে পেং চুৱাই। অৱশ্যে খেলুৱৈগৰাকীৰ ইমেইলৰ পৰা তেওঁ সুৰক্ষিত আছে বুলি এক বাৰ্তা দিয়া হৈছে যদিও ইয়াক লৈ আশ্বস্ত হ’ব পৰা নাই কোনো। এই ইমেইলটোত খেলুৈগৰাকীয়ে সুৰক্ষিত থকা বুলি লিখাৰ লগতে যৌন নিৰ্যাতনৰ ঘটনাকো মিছা বুলি খণ্ডন কৰা হৈছে। বিশ্বজুৰি এতিয়া পেং চুৱাইৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন হৈছে।

আন্তৰাষ্ট্ৰীয় মহিলা টেনিছ সংঘ (International Woman Tennis Association)ৰ অধ্যক্ষ ষ্টিভ ছাইমনে এই মেইলটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু চীনৰ পৰা উচিত উত্তৰ বিচাৰিছে। আনহাতে এই আলোড়নকাৰী খবৰক লৈ চীনৰ বিদেশ মন্ত্ৰালয় জ্ঞাত নহয় বুলি জনায় মুখপাত্ৰ ঝাও লিজিয়ানে। তেওঁ কয় যে এইটো কোনো ৰাজনৈতিক প্ৰশ্ন নহয় আৰু তেওঁ এই বিষয়ে জ্ঞাত নহয়।

উল্লেখ্য যে ছেৰেণা উইলিয়ামছৰ লগতে নোভাক জোকোভিচ আৰু নাওমি ওছাকাৰ দৰে খেলুৱৈেও পেং চুৱাইৰ সুৰক্ষাক লৈ ছচিয়েল মিডিয়াত পোষ্ট কৰিছে।

Leave A Reply

Your email address will not be published.