অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

অৰুণাচল প্ৰদেশৰ তাৱাঙত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিলে চীনা সেনাই

0

অৰুণাচল প্ৰদেশৰ  তাৱাঙত প্ৰকৃত নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিলে চীনা সেনাই। বাংকাৰ ধ্বংস কৰাৰ উদ্দেশ্যেৰে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰা চীনা সেনাক এইবাৰ কিছুসময়ৰ বাবে আৱদ্ধ কৰি ৰাখিলে ভাৰতীয় সেনাই। এই কথা জনাইছে ভৰত চৰকাৰৰ শীৰ্ষ সূত্ৰই।

সূত্ৰটোৱে দাবী কৰে যে, বিগত সপ্তাহত অৰুণাচল প্ৰদেশৰ তাৱাঙৰ বুম লা আৰু ইয়াংটচৰ আশে পাশে এই ঘটনা সংঘটিত হৈছে। তিব্বতৰ ফালৰ পৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূ-খণ্ডত সোমাই পৰিছিল প্ৰায় ২০০ চীনা সৈন্য।

জনা গৈছে যে, ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰাৰ পিছত কিছু বাংকাৰ দখল কৰিবলৈ চেষ্টা কৰিছিল চীনা সেনাই। খবৰ লাভ কৰি লগে লগে ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় সেনা। আৰু চীনা সৈন্যক কিছু সময়ত ধৰি আবদ্ধ কৰি ৰাখে। পিছত দুয়োখন দেশৰ সেনা বিষয়াৰ মাজত হোৱা আলোচনাৰ জৰিয়তে চীনা সেনাক এৰি দিয়া হয়।

এই ঘটনাকলৈ ভাৰতীয় সেনাবাহিনীৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বিবৃতি দিয়া হোৱা নাই। কিন্তু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ খবৰ অনুসৰি, এই ঘটনাত কোনো ভাৰতীয় সেনা আহত হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ সূত্ৰৰ দাবী, ভাৰত আৰু চীনৰ মাজত চৰকাৰী ভাবে সীমা নিৰ্ধাৰণ কৰা নাই। ফলত দুয়োখন দেশেই প্ৰকৃত নিয়ন্ত্ৰণৰেখা মানি চলে। দুই দেশৰ সীমান্তত যি প্ৰটকল মানি অহা হৈছে. তাৰ ওপৰতেই শান্তি আৰু স্থিৱাৱস্থা বজায় ৰখা হয়।

অৰুণাচল প্ৰদেশৰ এই অংশত চীনৰ আগ্ৰাসন নতুন কথা নহয়। ২০১৬ চনতো দুশৰো অধিক চীনা সৈন্যই ভাৰতীয় ভূ-খণ্ডত সোমাইছিল।

Leave A Reply

Your email address will not be published.