অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)

0

নাও দুৰ্ঘটনাৰ (Assam Boat Accident) বুজ ল’বলৈ নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। পোনে পোনে মেচিন নাৱত উঠি ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি নাওখনত আছিল ৯০ গৰাকী যাত্ৰী। ইয়াৰ এজন লোক দুৰ্ঘটনাত মৃত্য়ু হয়, আৰু দুজন লোক সন্ধানহীন হৈ আছে। NDRF-SDRFএ নাওখন কাটি পৰীক্ষা কৰে। নাৱৰ ভিতৰত কোনো মানুহ পোৱা নাই, কেইটামান সামগ্ৰীৰ বেগ পোৱা যায়। তদন্ত প্ৰক্ৰিয়া চলি আছে, গধূলিলৈ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হ’ব। ইতিমধ্যে জল পৰিবহণ বিভাগে ৩জনক নিলম্বন কৰিছে। আৰু ছিংগল ইঞ্জিন নাও চলিবলৈ দিয়া নহ’ব। ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। ছিংগল ইঞ্জিনবোৰ মেৰিন ইঞ্জিনলৈ উন্নত কৰিব পাৰিব, তাৰ বাবে ১০ লাখ টকাৰ প্ৰয়োজন হ’ব। ইয়াৰে ৭৫ শতাংশ ৰাজসাহায্য পাব, ২৫ শতাংশ ঋণ ল’ব পাৰিব। কাইলৈ সৰ্বানন্দ সোণোৱাল গুৱাহাটীলৈ আহিব, তেওঁৰ সৈতে আলোচনা কৰা হ’ব।

দলং নিৰ্মাণ হ’বলৈ ৪ বছৰ লাগিব, নৱেম্বৰৰ পৰা কাম আৰম্ভ হ’ব। দুৰ্ঘটনাত নিহতক পৰিয়ালৰ সৈতে আলোচনা কৰি উপযুক্ত ক্ষতিপূৰণ দিয়া হ’ব, তেওঁলোকৰ সৈতে অসম চৰকাৰ আছে। আজিৰ পৰা ছিংগল ইঞ্জিন নাও বন্ধ থাকিব, তেওঁলোকে ইচ্ছা কৰিলে চৰকাৰী সাহায্য লৈ মেৰিন ইঞ্জিন কৰি ল’ব পাৰে। এতিয়াৰে পৰা নিমাতীঘাটত ৬ খন চৰকাৰী ফেৰী চলিব। ফেৰীৰ সময় উপায়ুক্তসকলে ঠিৰাং কৰিব। নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

Leave A Reply

Your email address will not be published.