অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে গুৱাহাটী মহানগৰীৰ ছুপাৰমাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেতু

0

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে গুৱাহাটী মহানগৰীৰ ছুপাৰমাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেতু। নিৰ্ধাৰিত সময়ৰ আগতেই নিৰ্মাণকাৰ্য সমাপ্ত হোৱা উৰণীয়া সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘বিকাশৰ যাত্ৰাৰ বাবেই পাঁচটা সমষ্টিত আমি জয়ী হ’লো। আৰু এখন নতুন উৰণীয়া সেতু হ’ব আৰ জি বৰুৱা ৰোডত। ছয় লেন যুক্ত ৰিং ৰোড নিৰ্মাণ কৰা হ’ব। বাইহাটা হৈ কুৰুৱাৰে নাৰেঙ্গীলৈ আহিব পথটো। পলাশবাৰীলৈ নাৰেঙ্গীৰ পৰা চাৰি খন দলং হ’ব  ব্ৰহ্মপুত্ৰৰ ওপৰত। ব্ৰহ্মপুত্ৰ পাৰ সকলোৱে উপভোগ কৰিব পাৰিব।কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ’ব।’ অন্য প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘চৰকাৰী সেৱা ৰাইজে সোনকালে পাব।প্ৰায় কাম কম্পিউটাৰত কৰা হৈছে। নামজাৰী সমূহ ,এজামালি পত্ৰ হওক বা মাটি সকলো সেৱা কম্পিউটাৰৰ জৰিয়তে কৰা হ’ব। এক লাখ মানুহে বসুন্ধৰা আঁচনিত আবেদন কৰিছে। জনতা ভৱনত ২ লাখ ফাইল আছে, ২ হাজাৰ কৰ্মচাৰী আছে। মাহে মাহে ফাইল বাঢ়ি আছে।
১৮ নৱেম্বৰৰ পৰা আমি দালালৰ কাম কৰিম। টকা নোলোৱাকৈ আমি কৰিম। মাত্ৰ ফাইল নম্বৰ টো দি দিব।  ট্ৰেড লাইচেঞ্চ নিৰ্মাণ কৰিবলৈ ৩০ হাজাৰ টকা খৰচ কৰিব লাগিছিল। কিন্তু ক’ত হয় খৰছ নাজানে, কিন্তু এতিয়াৰ পৰা অহা মাহৰ পৰা কম্পিউটাৰৰ জৰিয়তে আবেদন কৰক,নিজে পাব,কতো যাব নালাগে। ১০ মে’ৰ পূৰ্বে জমা হোৱা সকলো ফাইল নোহোৱা কৰিম আমি। ১০ মে’ত আমাৰ এবছৰ হ’ব।’ ভাষণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  ‘মন্ত্ৰী হৈ ভাল লাগে, আগতে মন্ত্ৰী হৈ ভাল লাগিছিল। এতিয়াৰ কামটো কষ্টকৰ হ’ব। মন্ত্ৰীৰ কাম কষ্টকৰ হ’লে বিধায়কৰ কামো কষ্টকৰ হ’ব।  উপ নিৰ্বাচনত দিয়া ভোট ভোট নহয়,বহু ভোটত জয়ী হৈছে আমাৰ প্ৰাৰ্থী ,এয়া ৰাইজৰ আমাক দিয়া  আশীৰ্বাদ। গোটেই বজাৰ বন্ধ হ’ব লাগিব। এই পাছ বছৰত আমি নকৰিলে নহ’ব।’

Leave A Reply

Your email address will not be published.