অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বুধবাৰে বিশ্বনাথ জিলাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

0

বুধবাৰে বিশ্বনাথ জিলাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷  প্ৰথমেই  বিহালীৰ বৰভীল চাহ বাগিছাৰ কালি মন্দিৰত আশীষ লৈ  চিলাহৰণ প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। আৰু সেই ঠাইতে শিশু উন্নয়ন প্ৰকল্পৰ অধীনত  তিনিৰ পৰা ছয় বছৰীয়া কণ কণ শিশুৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কাগজ কল সম্পৰ্কত মন্তব্য কৰে যে, ‘পেপাৰ মিলৰ সম্পৰ্কত থকা সকলো সমস্যা সমাধান হৈছে ৷  ধেমাজি কেবিনেটত পেপাৰ মিলৰ সম্পৰ্কে সীদ্ধান্তলৈ ৰাইজক জনোৱা হ’ব। পেপাৰ মেলৰ কৰ্মচাৰী আৰু অসম চৰকাৰৰ মাজৰ সমস্যাসমূহ প্ৰায় সমাধান হৈছে ৷ বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকে অনুমোদন জনোৱাৰ পিছতেই সকলো কথা ৰাজহুৱা কৰিম ৷’

আনহাতে ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, গুৱাহাটীৰ পৰা ওলোৱা মন্ত্ৰী সকলক উত্তৰ পাৰ আৰু দক্ষিণ পাৰ ভগাই দিয়া হৈছে ৷ কেবিনেট বৈঠকলৈ আহোতে এজন মন্ত্ৰীয়ে এটা SDC অফিচ, এখন হাস্পতাল, এটা অংগনবাড়ী কেন্দ্ৰ  আৰু এখন স্কুল পৰিদৰ্শন কৰিব  লাগিব ৷ কেবিনেটৰ পৰা উভতি যাওতে উত্তৰপাৰেৰে অহা মন্ত্ৰীসকল দক্ষিণ পাৰেেৰে আৰু দক্ষিণ পাৰৰে অহা মন্ত্ৰীসকল উত্তৰ পাৰেৰে যাব লাগিব।

উভতি যোৱাৰ সময়তো এটা ভেকচিন চেণ্টাৰত সোমোৱাৰ লগতে এজন অৰুণোদয় হিতাধিকাৰী, এজন বৃদ্ধ পেঞ্চন পোৱা হিতাধিকাৰী, এগৰাকী বিধবা পেঞ্চন পোৱা হিতাধীকাৰীক লগ কৰি যাব  লাগিব মন্ত্ৰীসকলে।

আনহাতে বেদখল হৈ থকা মাটিত উচ্ছেদ চলি থাকিব বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে  যিখিনি চৰকাৰী ভূমিত এতিয়াও বেদখল চলি আছে সেই ভূমি উচ্ছেদ নকৰাৰ পূৰ্বেই বেদখলকাৰীক ভূমি এৰিবলৈ আহ্বান জনায় ৷

Leave A Reply

Your email address will not be published.