অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

0

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে চাৰিটা মাধ্যমৰ সমীকৰণো প্রস্তুত কৰিছে৷

সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে দিল্লীস্থিত আছাম হাউছত সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে৷ আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে প্রস্তুত কৰা এই চাৰি পর্যায়ৰ সমীকৰণ হৈছে– বিবদমান সীমান্তত বসবাস কৰা জনসাধাৰণে বিচৰা অনুসৰি উক্ত এলেকা সংশ্লিষ্ট ৰাজ্যৰ হ’ব৷ দ্বিতীয়তে, ইতিহাসৰ আধাৰত নির্ধাৰিত হ’ব সংশ্লিষ্ট ৰাজ্যৰ সীমান্ত৷ তৃতীয়তে, বিবদমান এলেকাত প্রশাসনিক কাম–কাজ পৰিচালনা কৰাৰ ক্ষেত্রত যিখন ৰাজ্য অধিক সুবিধাজনক অৱস্থাত আছে, সেইখন ৰাজ্যই লাভ কৰিব উক্ত বিবদমান ভূমিৰ অধিকাৰ৷ মুখ্যমন্ত্রীয়ে এইক্ষেত্রত বিস্তাৰিতভাৱে কয় যে বিবদমান এলেকাৰ পৰা যিখন ৰাজ্যৰ সংশ্লিষ্ট জিলাৰ সদৰ কার্যালয় ওচৰত হ’ব, সেইখন ৰাজ্যই লাভ কৰিব পাৰে বিবদমান ভূমিৰ অধিকাৰ৷ চতুর্থতে, সংবিধান নির্ধাৰিত সীমান্তকো সংশ্লিষ্ট ৰাজ্যক সম–গুৰুত্ব প্রদান কৰিব লাগিব৷ আনহাতে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অতিশয় মর্মাহত হৈ পৰা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰৰ সংবাদ মেলত জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.