অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বলীউডৰ অভিনেতা সঞ্জয় দত্ত হ’ব অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ডে এম্বেচেদৰ

0

অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে। জন আব্ৰাহাম, চলমান খানৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ সন্মত হৈছে বলীউডৰ তাৰকা অভিনেতা সঞ্জয় দত্ত। ১৯৭২ চনত পূৰ্বৰ নেফা নাম সলনি কৰি নেফাৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত এই নতুন প্ৰদেশখনে আত্মপ্ৰকাশ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।

সোমবাৰে অৰুণাচল প্ৰদেশৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকিব বলীউডৰ অভিনেতা সঞ্জয় দত্ত। মেচুকালৈ যোৱাৰ পথত আজি বিশেষ বিমানযোগে অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয়হি সঞ্জয় দত্ত।

ডিব্ৰুগড় বিমানবন্দৰত অভিনেতা সঞ্জয় দত্তক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচল প্ৰদেশৰ আবাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। তাৰ পৰা হেলিকপ্টাৰ যোগে মেচুকাত উৰা মাৰে অভিনেতাজন।‌ অহা বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰো চহৰত মাহযোৰা অৰুণাচল প্ৰদেশৰ ৫০ বছৰ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব আৰু অহা ২০ ফেব্ৰুৱাৰীত ইটানগৰত ৰাজ্য প্ৰতিস্থা দিৱসৰ দিনা এই উদযাপনৰ অন্ত পৰিব। উল্লেখ্য যে, ১৯৭২ চনত জিৰোত অৰুণাচল প্ৰদেশ গঠন হোৱা বুলি ঘোষণা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.