অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বৰষুণৰ মাজত ভোগালী

0

বংগোপসাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে আগন্তুক দুই দিনলৈ অসমত ডাঠ কুঁৱালীৰ আশংকা প্ৰকাশ কৰিছিল বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।  অনুমান অনুযায়ী ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড শিল-বৰষুণ অহা দেখা গ’ল (Rain and hailstorms) ।

আজি নিশাৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে বাক্সাৰ শালবাৰীত প্ৰচণ্ড শিলাবৃষ্টি হয়। শালবাৰীৰ খাৰিজা বিজনী, আনন্দ বজৰ, মানাহ, গোৱৰ্ধনা আদি অঞ্চলত মুষলধাৰ বৰষুণৰ সৈতে  শিলাবৃষ্টি হোৱাত কৃষিক্ষেত্ৰৰ বিস্তৰ ক্ষতি আংশকা কৰা হৈছে। উল্লেখ্য, বংগোপ সাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলতে ভোগালী বিহু (Rain in Bhogali Bihu) সময়ত বৰষুণৰ প্ৰকোপ দেখা গৈছে। আনহাতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে দুটা দিনলৈ অসমত ডাঠ কুঁৱলী থাকিব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে ।

Leave A Reply

Your email address will not be published.