অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে

0

কেৱল অসমবাসীকে নহয়, সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসম কন্যাই। নাম বৰ্ণালী দাস। বৰ্ণালীৰ ঘৰ বজালীৰ পাটাছাৰকুছিত। বৰ্ণালী দাসে বিশাল মহাকাশৰ আন এক ৰহস্য উদঘাটন কৰিলে। ৰহস্যঘন মহাকাশত সূৰ্যতকৈও বিশাল তথা অধিক তাপ থকা ৮টাকৈ নক্ষত্ৰ আৱিষ্কাৰ কৰিলে বৰ্ণালী দাসে।

পুনেৰ টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চত গৱেষণা কৰে বৰ্ণালীয়ে। সহযোগী আৰু পৰ্যবেক্ষক প্ৰফেছৰ পুনম চন্দ্ৰাৰ সৈতে মহাকাশত দুৰ্লভ তৰাৰ সন্ধান কৰিছিল বৰ্ণালীয়ে। এই নতুন কৃতিত্ব বৰ্ণনা কৰা এক গৱেষণা পত্ৰ শেহতীয়াকৈ দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেলত প্ৰকাশৰ বাবে গ্ৰহণ কৰা হৈছে। বৰ্ণালী দাসে শেহতীয়াকৈ পুনেৰ টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সত প্ৰফেছৰ পুনৰ চন্দ্ৰাৰ তত্বাৱধানত কাম কৰি পিএইচডি থেছিছ সম্পূৰ্ণ কৰিছে।

সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ আঠটাকৈ তৰাৰ সন্ধান দিলে বৰ্ণালীৰ গৱেষণাই। বৰ্ণালীৰ এই কৃতিত্বত আনন্দিত পিতৃ–মাতৃ। বৰ্ণালীৰ এই গৱেষণাই এতিয়া সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে।

বিশাল মহাকাশৰ আৰু অধিক ৰহস্য উদঘাটন কৰাৰ লক্ষ্যৰে জানুৱাৰীত আমেৰিকালৈ উৰা মাৰিব বৰ্ণালী। নাছাৰ জৰিয়তে মহাকাশৰ মহা ৰহস্য ভেদ কৰাৰ চেষ্টা চলাব বৰ্ণালীয়ে।

Leave A Reply

Your email address will not be published.