অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বিশ্ব প্ৰকৃতিৰ বাবে উদ্বেগজনক তথ্য

আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নৰ (American Geophysical Union) এখন অনলাইন সন্মিলনত ব্যক্ত কৰা হৈছে বিশ্ব প্ৰকৃতিৰ বাবে উদ্বেগজনক তথ্য। সন্মিলনত দিয়া সকীয়নি মতে, তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ বহল হিমবাহটো আৰু নাথাকিব। এণ্টাৰ্কটিকাত থকা এই হিমবাহ গলনৰ ফলস্বৰূপে সাগৰৰ পানীৰ স্তৰো ফুটৰ হিচাপত বৃদ্ধি হ’ব। বিজ্ঞানীসকলে এই সপ্তাহত নিউ অৰলিন্সৰ পৰা সন্মিলনৰ যোগেৰে সতৰ্কবাণী ব্যক্ত কৰে।

এই গ্লেচিয়াৰটো হৈছে বিশ্বৰ অন্যতম বৃহৎ হিমবাহ এণ্টাৰ্কটিকাৰ ‘থুৱেইটছ গ্লেচিয়াৰ’ (thwaites glacier)। যোৱা এটা দশক ধৰি কৰা নিৰীক্ষণৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা ৰাজ্যৰ আকাৰৰ সমান হিমবাহটো শেহতীয়াকৈ অতি দ্ৰুতগতিত গলি থকা পৰিলক্ষিত হৈছে। গলনৰ দ্ৰুততালৈ লক্ষ্য কৰি ই তিনিৰ পৰা পাঁচ বছৰ অস্তিত্ব বজাই ৰাখিব পাৰিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰে। বিজ্ঞানীসকলে হিমবাহটোক সেয়ে ‘ডুমছডে গ্লেচিয়াৰ’ (Doomsday Glacier) বুলি পৰিচিত কৰিছে।

হিমবাহটো আছে পশ্চিম এণ্টাৰ্কটিকাত (Antarctica)। পৃথিৱীৰ আটাইতকৈ বহল এই হিমবাহ ১২০ কিলোমিটাৰ বিস্তৃত। গভীৰতা ৮০০ৰ পৰা ১২০০ মিটাৰ। ঠিক মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ এক-অষ্টমাংশ। হিমবাহৰ তলভাগ আমুণ্ডসেন সাগৰত ওপঙি থকা বৰফৰ সৈতে যোৰা লাগি আছে। গলনৰ বাবে সাগৰৰ পানীৰ স্তৰ দুই ফুটতকৈ ওপৰলৈ তোলাৰ আশংকা আছে।

বিজ্ঞানীসকল কয় যে যোৱা এক দশক ধৰি কৰা নিৰীক্ষণত ধৰা পৰিছে যে উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ (climate change) ফলত এণ্টাৰ্কটিকাত দ্ৰুততম হাৰত থুৱেইটছ হিমবাহ গলি আছে। কেৱল ২০০০ চনৰ পৰা যোৱা ২১ বছৰত, হিমবাহটোৰ ১০ লাখ টন বৰফ গলি গৈছে। এইটোও দেখা গৈছে যে পৰৱৰ্তী বছৰত হিমবাহটো যি হাৰত গলিছে সেই হাৰ আগৰ ৩০ বছৰৰ দুগুণ। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, তুষাৰপাতৰ ফলত জমা হোৱা বৰফৰ তুলনাত হিমবাহৰ বৰফ গলিছে বছৰি ৫০০০ নিযুত টন অধিককৈ।

Leave A Reply

Your email address will not be published.