অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা- আজি পৱিত্ৰ গণেশ চতুৰ্থী

ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ

0

ভাল খবৰ! ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ৷ কোভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত শনিবাৰে সন্ধিয়ালৈকে ২,০০,০২,৬৫৯ পালি কোভিড প্ৰতিষেধক প্ৰদান৷ ভাৰত চৰকাৰৰ ক’উইন এপ (cowin.gov.in)ত শনিবাৰে সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি, অসমত ১,৬৩,৩১,৯৮৭ গৰাকী লোকৰ প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকৰ দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান সম্ভৱ হৈছে।

উল্লেখযোগ্য যে দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত কোভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পিছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে। আনহাতে, যোৱা ২৮ জুলাইৰ পৰা বৰ্তমানৰ দিনটোলৈ মুঠ ৪৬ দিনত এক কোটি লোকক কোভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে৷

এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এএনএম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধন্যবাদ জনাইছে। স্বাস্থ্যমন্ত্ৰী মহন্তই আজি এক বাৰ্তাত উল্লেখ কৰে, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক কোভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা কোভিড প্ৰতিষেধক অভিযানে আজি আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি কোভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৰাজ্যবাসীৰ মাজত কোভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ জিলাসমূহত এই কোভিড প্ৰতিষেধক অভিযান নিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈও ধন্যবাদ জনায়৷

Leave A Reply

Your email address will not be published.