অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

পৰিয়াল পোহপালৰ বিকপ্ল চিন্তা কৰিও যেন থমকিছে চৰকাৰৰ নতুন এছ অ’ পিয়ে বিপদঘণ্টা বজাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত

0

অসমত হোৰা-হোৰে বৃদ্ধি পোৱা ক’ভিড-১৯ৰ ৰোগীৰ সংক্রমণ ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ৰাজ্যখনত প্ৰৱৰ্তন কৰিছে নতুন এছ অ’ পি৷ এই নতুন এছ অ’ পিমৰ্মে ৬ বজাৰ পৰিৱৰ্তে এতিয়াৰ পৰা বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহ৷ তদুপৰি সন্ধ্যা ৮ বজাৰ পৰা দিয়া সান্ধ্য আইন এতিয়া সন্ধ্যা ৬ বজালৈ হ্ৰাস কৰা হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনত ক’ভিড-১৯ৰ বেদনাদায়ক দৃশ্যাৱলীসমূহ প্ৰত্যক্ষ হৈছে৷ মহামাৰী কৰ’নাৰ শৃংখল ৰোধ কৰাৰ বাবেই এই নতুন এছ অ’ পি প্ৰৱৰ্তন কৰা কাৰ্য আদৰণীয় হিচাপে বিবেচিত হৈছে যদিও ডিব্ৰুগড়ৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন এছ অ’ পি মৃত্যুঘণ্টা ৰূপেহে বিবেচিত হৈছে৷ উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গী, মিলন নগৰ, গ্ৰেহেম বজাৰ, পন বজাৰ, আমোলাপট্টি, চৌকিডিঙ্গী অ’ভাৰব্ৰীজৰ তলৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে শাক-পাচলিকে আদি কৰি বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী বিক্রী কৰি পৰিয়াল পোহপাল দি আহিছে৷ এইসকল ব্যৱসায়ীয়ে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৯ বজাৰ ভিতৰত এই সময়ছোৱা তেওঁলোকৰ ব্যৱসায়ৰ উৎকৃষ্ট সময় হিচাপে বিবেচিত কৰে৷ এই সময়ছোৱাত অফিচ-কাছাৰীৰ পৰা অহা ব্যক্তিসকলৰ উপৰি গৃহিণীসকলেও নিত্য ব্যৱহাৰ্য সামগ্ৰী এইসকল ব্যৱসায়ীৰ পৰা ক্রয় কৰে৷ যাৰ ফলত দুই-এপইচা উপাৰ্জন হয় এই ব্যৱসায়ীসকলৰ৷ এতিয়া চৰকাৰে প্ৰৱৰ্তন কৰা নতুন এছ অ’ পি তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত হেঙাৰৰূপে বিবেচিত হৈছে বুলি জানিব পৰা গৈছে৷ বহুকেইগৰাকী ব্যৱসায়ীয়ে ‘অসম আদিত্য’ৰ আগত প্ৰকাশ কৰা অনুসৰি অসম চৰকাৰে প্ৰৱৰ্তন কৰা শেহতীয়া এছ অ’ পি হৈছে চৰকাৰৰ এক সময়োপযোগী পদক্ষেপ৷ কিন্তু ক’ভিড-১৯ৰ শৃংখল ৰোধ কৰাৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন এছ অ’ পি তেওঁলোকে মানি ল’বলৈ বাধ্য৷ কিন্তু নিজ পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত তেওঁলোকে অতদিনে অব্যাহত ৰখা ক্ষুদ্ৰ ব্যৱসায়সমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে বিকপ্ল পথৰ সৃষ্টি কৰিবৰ বাবে তেওঁলোকে আহবান জনাইছে চৰকাৰক৷

অধীনত এখন অনলাইন ‘Doodle art’ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ উক্ত প্ৰতিযোগিতাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব৷ পৰিস্থিতিৰ হাতত বন্দী হোৱাৰ হেতুকে এই প্ৰতিযোগিতাখন অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ পদক্ষেপ লোৱা হৈছে৷ উক্ত প্ৰতিযোগিতাখনত সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিলো৷ ধন্যবাদেৰেডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২০-২১৷

Leave A Reply

Your email address will not be published.